চকুৰে নেদেখা ডাৱৰৰ সিপাৰে

চকুৰে নেদেখা ডাৱৰৰ সিপাৰে
হে আকাশ হে ডাৱৰ, এদিন লগ পাম তোমাক আৰু আকোৱালি লম চিৰদিনৰ কাৰণে।

Thursday 5 January 2012

অভিমান


নুশুধু তোমাক কিয় আহিছিলা
নুশুধু তোমাক কিয় আতৰি গলা
অথবা কি নাপালা মোৰ মাজত
কি হেৰুৱালা তুমি মোৰ কাষত
শুধিম মাথো বাৰে বাৰে
ভালে আছানে তুমি, কুশলে আছেনে সকলো?
গুন-গুনাম,
ভালে থাকিবা সদায়, আৰু নেহেৰোৱাবা একো।

জীবনৰ গান


আশাবোৰ শেষ মানে কি সকলো শেষ?
নহয়।
আমাক জীৱনে কি দিয়া নাই
বৰষুণৰ শেষত ৰদ দিছে
সৰাপাতৰ শেষত কুহিঁপাত
অথবা
জয়াল নিশাবোৰ শেষ কৰি‌
জীৱনৰ আশাৰ ৰেঙণি।
হাহাকাৰ কৰা আমাৰ মনবোৰক
কিয় আমি বুজাব নোৱাৰু
ইউক্লিপটাছ বুৰঞ্জী।
আমি আকাশৰ সপোন দেখিম
কেৱল আকাশ
হাজাৰ ধুমুহাৰ লগত খেলিম
মোৰ যে সপোন কেৱল
আকাশ, কেৱল আকাশ।
বেদনাবোৰ কিমান গধুৰ?
মাতৃৰ প্রসব বেদনাতকৈও নে?
দুখ পালে কান্দা কান্দা আৰু কান্দা
কাৰণ
ইয়াৰ পিছতেই আমি হাঁহিব লাগিব
আকৌ নতুন সপোন
আকৌ নতুন আশা
জীৱনৰ সোনোৱালি বাট
আমি যে বুলিবই লাগিব।

প্রেমৰ মালিতা


প্রেম-
এনেকুৱাই-
কোনোবাই কাৰোবাক প্রতিশোধ লবৰ বাবে
কাৰোবাক হয়তো ভাল লাগি গল এনেয়ে
বিছাৰি আহিব পাৰে আপোনাৰ কোলাত
অলপ নিৰাপত্তা অলপ সময়ৰ বাবে
প্রেম-
এনেকুৱাই-
আধুনিকতাৰ তাৰনাত আপোনাক কঙাল কৰিবলে
উদভ্রান্ত শৰীৰে বিছৰা নতুনত্বৰ বাবে
আঁকি থৈ যাব আপোনাৰ বুকুত
কিছু নুবুজা জ্যমিতিৰ আক বাক
প্রেম-
এনেকুৱাই-
কালি হয়তো কৈছিল মৰি যাব পাৰো তোমাক নাপালে
আজি উদবাউল হৈ কবহি জানা তেওঁ আকৌ ঘুৰি আহিছে
পাৰিলে মাফ কৰি দিবা মোক
তোমাক বহুত কষ্ট দিলো
প্রেম-
এনেকুৱাই-
ধূমূহাৰ দৰে আহে ধূমূহাৰ দৰে আতৰি যায়
সিচি থৈ যাব মাথো আপোনাৰ বুকুত
এমুথি শুকান পাত
প্রেম-
এনেকুৱাই-