চকুৰে নেদেখা ডাৱৰৰ সিপাৰে

চকুৰে নেদেখা ডাৱৰৰ সিপাৰে
হে আকাশ হে ডাৱৰ, এদিন লগ পাম তোমাক আৰু আকোৱালি লম চিৰদিনৰ কাৰণে।

Tuesday 21 February 2012

লক্ষ্য এতিয়া মাথো সুর্য্যৰ


শব্দবোৰ এতিয়া বহু দূৰ
তাৰ ঠাইত বাহ লৈছে এটা নতুন সুৰে
এটা বুজাব নোৱাৰা সুৰ
যেন দূৰৰ পৰা ভাহি অহা
এটা নিঠৰুৱা ঐনিতমৰ সুৰ


চাৰি মাহ পাঁচ দিন
মনত আছেনে তোমাৰ বাৰটো ?
মোৰ কিন্তু আছে,
সেইদিনা শুক্ল পক্ষ আছিল
আৰু সেইদিনা ওলায়ে ডুবিছিল জোনটো
আৰু সৰি পৰিছিল এটা বাট হেৰুৱা পক্ষী
কাৰণ
তোমাৰ ডেউকাৰে সি উৰিব খুজিছিল
চুমিব খুজিছিল তাৰ আচমান
মক্ ফুনৰ লিপিয়ে সি আঁকিছিল
তুমি নুবুজা এটা গান।

গছৰ পাতে কান্দিছিল সেই নিশা
শিপাৰ সন্ধানত নামিছিল এজাক চকুপানী
তৰাবোৰ দাহ গৈছিল যাতনাৰ মৰুভুমিত
ইমান পাচতো
পক্ষীটি বাৰে বাৰে উৰিব খুজিছিল
ক্ষ্য নাছিলা কিন্তু তুমি
ক্ষ্য আছিল তাৰ সূর্য্য
হয়
ক্ষ্য আছিল মাথো সুর্য্যৰ।

Thursday 9 February 2012

এতিয়া ভালপোৱাৰ সময়


শুনিছানে কেতিয়াবা নদীৰ  কান্দোন
শুনা নাই!
তেনেহলে তুমি প্রেমত পৰা নাই।
মাজৰাতি সাৰপাই শুনিছানে
বতাহত ভাহি অহা খিলখিল শব্দ
শুনা নাই!
তেনেহলে তুমি প্রেমত পৰা নাই।

সৰিয়হ ফুলিলে বাগৰি আহেনে হুমুনিয়াহ
বকুল গচকিলে ওচপখাই উঠেনে
তোমাৰ কলিজা!
দুভাগ নিশা
অকস্মাতে
সাৰ পাই উঠানে!
অকস্মাতে
উদঙ দেহাৰে
বতাহৰ সতে
নাযায়নে মন
এবাৰ ফেৰ মাৰিবলে!

এতিয়া ঠিকনা বিচৰাৰ সময়
হৃদয়ৰ পৰা হৃদয়লৈ!!!!

Friday 3 February 2012

ৰাতিৰ ৰামধেনু

ৰাতিৰ ৰামধেনু,
জোনৰ দেশত থকা ৰামধেনু,
তুমি তৰাৰ ৰামধেনু।

হাজাৰ ৰঙৰ শিখাবোৰ
টোপ টোপকে সৰি পৰে
মোৰ আঘোনৰ পথাৰত।