চকুৰে নেদেখা ডাৱৰৰ সিপাৰে

চকুৰে নেদেখা ডাৱৰৰ সিপাৰে
হে আকাশ হে ডাৱৰ, এদিন লগ পাম তোমাক আৰু আকোৱালি লম চিৰদিনৰ কাৰণে।

Saturday 7 July 2012

 (১)
তুমি যি পথে গলাগৈ
সেই পথ চাগৈ জোনাকী-জোনাকী
গাত সানি বকুলৰ সুবাস
সেই পথে বাজে সুৰীয়া বাঁহি।
(২)
কবিতাই ভৰি পৰক মোৰ এবেগেতিয়া বুকু
চন্দ্রই ভৰ হওক নিশকতিয়া সপোন
সপোনত আহিবা এটি মিঠা কবিতা হৈ
বান্ধি থম শব্দৰ মায়া-জালেৰে ঐ................
(৩)
ভাগৰোৱা মই
তুমি যদি ভাবা
এশাৰী মাতে আনিব ওভতাই
ভুল তুমি
তোমাৰ উশাহত জীয়াও মই...................।।।
(৪)
টিকলৌ টিকলৌকে দৌৰে
প্রেমৰ অশ্বমেধ ঘোঁৰা
কোনটি ঘাটত এডিঙি পানী
অথবা
কোনটি বাটত সৰে
কুন্তলৰ জলপৰি............
(৫)
মৰমবোৰ বৈ যায়
দুটি পদুম কলীত
জীয়াঁটিৰ নাচোন চাই...........
(৬)
সাঁজবাটি আৰু কেচা নিমখ-জলকিয়া
তাতো তোমাকেই দেখো
পাগল প্রেমিক মই
বুকু খান্দি প্রেম দিব পাৰো........
(৭)
সপোন বোৰ কেনি
মোক কোনে ক'ব
আঁচলৰ ফাকে এটি জোন জ্বলিব
দিঠকে জানো পাহৰিব
সুখে-দুখে কাষতে ৰ'ব
কপালত বেলিটি আঁকি
মোৰ সোন আহিব..........................
(৮)
শুনিছিলো এই কবিবোৰ বোলে
বৰ স্বাধীন জীৱ
কিন্তু এতিয়া দেখিলো
তোমাক তোমাৰ শয্যাগত অৱস্থাত
উপলব্ধী যেন
তুমি কাৰো ওচৰত পৰাধীন নহয়
না আমাৰ ওচৰত না ওপৰৰ জনাৰ।

(৯)
যেনেকৈ ভালপাওঁ বুলিয়ে কাকো ভাল পাব নোৱাৰি
তেনেকৈ কওঁ বুলিয়ে সকলো কৈ দিব নোৱাৰি
কলিজা কুটি খোৱা দুখবোৰো দেখুন
আপোন নহলেও
দলিয়াই দিব নোৱাৰি।
(১০)
মৰাৰ মুখত পানী দিয়া মানুহ আমি
জীয়াই থাকোতে আহৰি নাই
এষাৰ মাতৰ,

আত্মাবোৰেও চাগে হাঁহে
আমাৰ ফালে চাই
কিযে এটা আচৰিত জাতি।।
(১১)
প্রেমত আওপুৰণি মই
আৰু আওপুৰণি মোৰ
কলিজা;

কামিজত ক'লা জামুৰ দাগ
আৰু বুকুত ?
আৰু
বুকুত তোমাৰ বেদনা।।