চকুৰে নেদেখা ডাৱৰৰ সিপাৰে

চকুৰে নেদেখা ডাৱৰৰ সিপাৰে
হে আকাশ হে ডাৱৰ, এদিন লগ পাম তোমাক আৰু আকোৱালি লম চিৰদিনৰ কাৰণে।

Wednesday 8 August 2012

সুখৰ সন্ধানত এনিশা:

(১)
ভালপোৱাৰ মৰমী ঘাট
শুকান বালিয়ে বব ক্ষনিক দুভৰিৰ দাগ
চিৰাচিৰ হোৱা কলিজাত আচহুৱা আবিলতা
ঢাকীব নোৱাৰা.......।।

(২)
দুবৰিক ভালপোৱা কবিয়ে কয়
যেন বুকুয়েদি বয় নিয়ৰৰ নৈ
বকুলে বগা আঁচলে ধাকি
ৰ'দস্নান কৰায় মোৰ প্রেয়সীক......।।

(৩)
সুবিশাল আকাশক চিঞঁৰি সুধিলো
ইমান নীলা ক’ত পালা তুমি,
সিন্ধুত বিন্দু হৈ বিছাৰি আনিলো
গভীৰ বক্ষৰ প্রেম-কাঁচলি.........।।

(৪)
বিচাৰিলেই পোৱা যায় দুখৰ শিপা
হেপাহৰ জমিনত যাতনাৰ পীড়া,
উঘালো বুলিও জানো পাৰা,
উঘালিব সুখৰ নিদান....।।

No comments:

Post a Comment